সকলো ঠিকেই আছে


সকলো ঠিকেই আছে

আগৰ দৰেই দিন গৈছে, ৰাতি পুৱাইছে,

মাত্ৰ ৰিক্ত কলিজাত স্মৃতিৰ মামৰ ধৰিছে

চিগাৰেটৰ কুণ্ডলিয়ে ধূপৰ সুবাস গ্ৰাস কৰিছে।

সেই পৰিষ্কাৰ কোঠালিটোত

আজি এলান্ধু লাগিছে,

বাকী সকলো ঠিকেই আছে।



কুলিৰ মাততেই সাৰ পোৱা সেই মধুৰ পূৱা

নৈৰ পাৰতেই হেৰাই যোৱা সেই নিৰ্জন দুপৰীয়া,

মৃদু বতাহৰ মাজেৰে দুচকুৰে একেথৰে চোৱা

আওঁপুৰণি একেবোৰ কথাই অনৰ্গল কোৱা।

সেই প্ৰেমৰ নিৰিবিলি পদূলিত

আজি কাউৰীয়ে বিনাইছে,

বাকী সকলো ঠিকেই আছে।



জ্বলাবলৈ থোৱা এডাল নজ্বলোৱা শলিতা

কোলাত নগ্ন শিৰোনামৰ এটি অসম্পূৰ্ণ কবিতা,

কলিজাৰ পঁচা মাংসৰ গোন্ধত

খালী পৃষ্ঠাত গজি উঠে কেঁচা বিফলতা।

সেই ওঁঠত হাঁহি অঁকা মানুহজন

আজি ভিতৰি ভিতৰি মৰি গৈছে,

বাকী সকলো ঠিকেই আছে।

Comments