শিল আৰু মঙহ (কবিতা)

✍️ অভিজিৎ বড়া

এটা নিৰ্জীব শিলৰ মূৰ্ত্তি
কিন্তু প্ৰাণ আছে সেই প্ৰাণহীন শিলত
গভীৰ আৰু চঞ্চল চকুহালত প্ৰেমৰ ফল্গুধাৰ
পাথৰৰ কলিজাত যেন প্ৰাণৰ সঞ্চাৰ ।
একেথৰে চাই আছে মোক
মোৰ ভ্ৰুক্ষেপ নাই
জড়তাই কি বুজিব
কলিজাৰ কেঁচা তেজৰ মূল্য ?

এটুকুৰা জীৱন্ত মঙহ
আকুলতাৰে চাই আছোঁ মই
অথচ লেশহীন, ভাৱবিহীন
নাই লেখমানো হাঁহিৰ বিকিৰণ
অভিমান, নে অৱহেলাৰ চুড়ান্ত কিৰণ।

কৃত্ৰিম হাঁহিত দেখো মেঘৰ চমকনি
তেন্তে নাহে কিয় যৌৱনৰ ভাটিয়েদি
ভৰ প্ৰেম বাৰিষাৰ ঢল ,
দুষ্ট ফাগুনৰ বতাহেও নুৰুৱাই নেকি
তোমাৰ প্ৰেমৰ আঁচল ।
মৰমৰ কোবাল সোঁততো নুঠে কিয়
হৃদয়ৰ সাগৰত প্ৰেমৰ উতলা ঢৌ ,
সুগন্ধি পখিলাই নকঢ়িয়াই কিয়
তোমাৰ মাতৰ মিঠা অনুভৱী মৌ ?
গধূলিত নাই আজি গধূলিগোপালৰ সুবাস
পদুলিত ফুলিছে মাথোঁ যন্ত্ৰণাময় বিষাদ।

নিশব্দতাত বুকু ফালি বাজি উঠে বৰকাঁহ
হয়টো মোৰ ভুল হৈছিল
কিন্তু মঙহতকৈ শিল মোৰ প্ৰিয় আছিল !

Comments