পাৰিজাত (গীত ৩)

Verse 1

নিজান পুৱাতে, বিহঙ্গ বিনদে

পাটিতে দিয়েহি তোৰেই বাতৰি

দুচকু মেলোতেই, চকুৰ পচাৰতেই 

ধুৱলি সপোন মোৰ যায় আঁতৰি।


আহিবি তই, এটি কবিতা হৈ

বুকুতে সিঁচিবিহি, পাৰিজাত এপাহি

দুচকুতে সানিবিহি, তোৰ সহজাত হাঁহি ।


Verse 2

ৰান্ধনী বেলিয়ে, হেঙুল আবেলিয়ে

আৰু কথা ক’ব খোজে গানে 

পুৰণি গীত এটি, দুৰণিত বাজিছে

তই আহি শুনাবিহি মোক কাণে কাণে।


আহিবি তই, এটি কবিতা হৈ

বুকুতে সিঁচিবিহি, পাৰিজাত এপাহি

দুচকুতে সানিবিহি, তোৰ সহজাত হাঁহি ।


Verse 3

কলঙৰ পাৰতে, দলঙৰ মূৰতে 

আমি দুয়ো লগ হ'ম আহি

হেঁপাহৰ বাঁহীটো, তয়েই লৈ আনিবি

আৰু লৈ আনিবি দুটি ওঁঠৰ হাঁহি।


আহিবি তই, এটি কবিতা হৈ

বুকুতে সিঁচিবিহি, পাৰিজাত এপাহী

দুচকুতে সানিবিহি, তোৰ সহজাত হাঁহি l


Verse 4

সেউজীয়া বনতে, আকাশৰ তলতে

সাজিম প্রেমৰে বালিঘৰ এটি

সপোনৰ দেশতে, পৰীৰে বেশতে

ভাঙিবিহি টোপনি দোক-মোকালি ৰাতি।


আহিবি তই, এটি কবিতা হৈ

বুকুতে সিঁচিবিহি, পাৰিজাত এপাহি

দুচকুতে সানিবিহি, তোৰ সহজাত হাঁহি ।


Verse 5

মৌ-মিঠা মাততে, বকুল সৰা বাটতে

তই আহি ৰিঙিয়াই যাবি 

উৰুখা পঁজাতে, উদং দুহাততে

চেনেহৰ সুগন্ধি ছটিয়াই দিবি।


আহিবি তই, এটি কবিতা হৈ

বুকুতে সিঁচিবিহি, পাৰিজাত এপাহী

দুচকুতে সানিবিহি, তোৰ সহজাত হাঁহি l

Comments