মই আৰু মই হৈ থকা নাই



আইনাৰ সিপাৰৰ সেই অচিনাকি মানুহটো

তাৰ প্ৰতিবিম্বত কলংকৰ চেকা লগা নাই

নিজক বিচাৰি ফুৰে সি ব্যস্ত ভীৰৰ মাজত

নাই, এতিয়াও নিজক সি বিচাৰি পোৱা নাই।

সি বুটলি আনিছে মোক সময়ৰ গহ্বৰ ভাঙি

কিন্তু এতিয়া মই আৰু মই হৈ থকা নাই।।


পদুম ছিঙা মোৰ বহুযুগ হ'ল

কেতিয়াও পলসত ভৰি থোৱা নাই

কত গোলাপ মই কলিতেই চিঙিলোঁ

বুকুত কেতিয়াও কাঁইটৰ খোঁচ খোৱা নাই।

তুমি গঢ়িছিলা মোক আনতকৈ পৃথক কৰি

কিন্তু এতিয়া মই আৰু মই হৈ থকা নাই।।


স্মৃতিৰ কোলাতেই পাৰ হ'ল কুৰিটা বসন্ত 

সজল দুচকুত কেতিয়াও অশ্ৰু দেখা নাই

ৰংহীন চৰিত্ৰৰ সোণালী প্ৰতিমা সাজি

কোনেও কালিমাৰ ছাই সনা নাই ।

সকলোৱে জানে মোক মই বুলি

কিন্তু এতিয়া মই আৰু মই হৈ থকা নাই।।

Comments