শিল্পকাৰ (গীত ১)

Verse 1

তেজ ৰঙা দুহাতেৰে সূৰ্য আঁকি

দিয়া মোৰ দুচকুত অমৃত বাকী,

কেনভাছত কলংকৰ কলা ৰং ঢাকি

জ্বলাই দিয়া বতাহতে শান্তিৰ চাকি।


কাগজতে ফাঁকু সানি...

মৰ্ততে ৰামধেনু সজাৰ হাবিয়াস দূৰ্বাৰ 

শিল্পকাৰ, তুমিয়েই মোৰ শিল্পকাৰ।


Verse 2

এটি কবিতা আছে মোৰ বুকুতেই গঁজা,

আৰু আছে এটি ভাস্কৰ্য শব্দৰে সঁজা

অসংযম দুহাতত বান্ধি ভাষাৰ এই গান

বুজাই দিবা প্ৰেমিকাৰ কি মান অভিমান।


শব্দতে ৰহণ সানি …

কলমেৰে ছবি অঁকাৰ হাবিয়াস দূৰ্বাৰ 

শিল্পকাৰ, তুমিয়েই মোৰ শিল্পকাৰ।


Verse 3

দূৰণিৰ দুপৰীয়াত এটি গৰখীয়াৰ গীত

হৃদয় জুৰুৱা এটি মধুৰ সংগীত,

কাঢ়ি নিব খোজে মোৰ পুৰণি ভাগৰ

সুৰতে বান্ধিছে শান্তিৰ মনোৰম সাগৰ।


হৃদয়ৰ খিৰিকীৰে …

শব্দকো জুমি চোৱাৰ হাবিয়াস দূৰ্বাৰ 

শিল্পকাৰ, তুমিয়েই মোৰ শিল্পকাৰ।


Verse 4

মৰমৰ টোপোলা এটি ৰাখিবা যুটী 

এটি অভিমানৰ আৰু এটি প্ৰেমৰে সুঁতি

কলিজা পুৰি বিলাবা এধান-মানি পোহৰ

হৃদয়ৰ মৰুভূমিত আনিবা প্ৰেমৰে লহৰ।


বিনাশি নীসংগতা…

দুভৰিৰে মোহাৰিবা মোৰ অন্ধকাৰ

শিল্পকাৰ, তুমিয়েই মোৰ শিল্পকাৰ।


Outro 

শিল্পকাৰ, শিল্পকাৰ

শিল্পকাৰ, তুমিয়েই মোৰ শিল্পকাৰ।লহৰ।


বিনাশি নীসংগতা…

দুভৰিৰে মোহাৰিবা মোৰ অন্ধকাৰ

শিল্পকাৰ, তুমিয়েই মোৰ শিল্পকাৰ।

Comments