আহিবা তুমি (গীত ২)

VERSE 1

আহিবা তুমি প্ৰভাতী বেলাত

বৰ্ষাৰ এজাক বৰষুণ হৈ

ৰিক্ত হৃদয় মোৰ জীপাল কৰিবলৈ

আহিবা এপাহি ৰঙা গোলাপ লৈ

মোৰ মনত প্ৰেমৰ জোঁৱাৰ তুলিবলৈ।


আশাৰে বাট চাম তুমি অহালৈ 

তুমি এটি নতুন কবিতা লিখালৈ।


VERSE 2

আহিবা তুমি ভৰ দুপৰীয়াত

সানিবাহি জেঠৰ ৰ’দ মোৰ ক্লান্ত হিয়াত 

আহিবা গৰখীয়াৰ মুখৰ গীত এটি লৈ

মোৰ কলিজাৰ ঔৰষত

এটি কবিতাৰ জন্ম দিবলৈ।


আশাৰে বাট চাম তুমি অহালৈ 

তুমি এটি নতুন কবিতা লিখালৈ।


VERSE 3

আহিবা তুমি আবেলি পৰত

লগতে আনিবা শাৰদীয় শৰৎ

এইবাৰ আহিবা এটি কবিতা হৈ

তোমাৰ কলমৰ চিয়াঁহীৰে

উকা জীৱন মোৰ ৰঙীন কৰিবলৈ।


আশাৰে বাট চাম তুমি অহালৈ 

তুমি এটি নতুন কবিতা লিখালৈ।


VERSE 4

আকৌ আহিবা তুমি কবিতা

শীতৰে এটি সেমেকা সন্ধ্যা

আহিবা এটি মিঠা সপোন লৈ

মোৰ জীৱনৰ অমাৱশ্যাত

এগছি আশাৰ বন্তি জ্বলাবলৈ।


আশাৰে বাট চাম তুমি অহালৈ 

তুমি এটি নতুন কবিতা লিখালৈ।|

Comments