ফাগুনৰ ৰং (গীত ৪)

Verse 1 

শুকান মৰুত কোনে আঁকে হেঙুলীয়া ৰং

উকা হিয়াত কোনে সাজে প্ৰেমৰে দলং

সৰিছে চোন বসন্ততে শৰতৰ বকুল

কিহৰ আবেগতে আজি মন মোৰ ব্যাকুল।


নাসানি আৰু ধূসৰ ৰং ফাগুনৰ

সাজিবিহি বালিঘৰ যুগমীয়া প্ৰেমৰ।


Verse 2

উৰিছে চুলিতাৰী বতাহৰ ভাঁজত

নাচিছে মনে মোৰো একেটি ঠাঁচত

সিচি যায় ৰঙা ৰং বুকুৰে মাজত

ভাগিছে কলিজাৰ কঁহুৱা তোৰ নাচোনৰ খোজত।


নাসানি আৰু ধূসৰ ৰং ফাগুনৰ

সাজিবিহি বালিঘৰ যুগমীয়া প্ৰেমৰ।


Verse 3

বাজিবনে তোৰ হিয়াত মোৰ প্ৰেমৰ বীণ

আহিবনে আমি দুয়ো আমি হোৱাৰ দিন

যৌৱনৰ বা লাগি মোৰ মন কঁপিছে

প্ৰেমৰে বীণ আজি মোৰ হিয়াত বাজিছে।


নাসানি আৰু ধূসৰ ৰং ফাগুনৰ

সাজিবিহি বালিঘৰ যুগমীয়া প্ৰেমৰ।


Verse 4

প্ৰেমৰ সেই বটগছ বুকুতেই শিপাল

খৰাং বতৰতো হৃদয় মোৰ হৈছে জীপাল

শাওনতে সৰিব বাৰিষাৰ টোপাল

কলিজাৰ ৰঙা গোলাপ কেনেকৈ শুকাল।


নাসানি আৰু ধূসৰ ৰং ফাগুনৰ

সাজিবিহি বালিঘৰ যুগমীয়া প্ৰেমৰ

Comments