সপোন পক্ষী (গীত ৫)



Verse 1

কোনে আহি এটি হাঁহি, শিলতেই ৰুলে 

ডাৱৰেও পাহাৰতে মূৰ থৈ শুলে

নৈখনে আহি মোক কাণে কাণে ক'লে 

প্ৰেমৰ গোলাপ হেনো দুটি ওঁঠতেই ফুলে।


গোলাপ গছকি নাযাবি, মোৰ পুৰণি সখী

ঘূৰি আহ তই বাহলে, অ‘ মোৰ সপোন পক্ষী।


Verse 2

সাধুকথা শুনিছিলো সন্ধিয়া, চাকিৰে ছাঁয়াত

অৰণ্য মাজত আছে হেনো, দুটি অচিনাকি বাট 

এটি বাট পাৰ হ’লে পাবি সপোনৰে ঘাট

আন বাটে গ’লে শুনা পাবি যখিনীৰে মাত।


অচিনা বাটেৰে নাযাবি, মোৰ পুৰণি সখী

ঘূৰি আহ তই বাহলে, অ‘ মোৰ সপোন পক্ষী।


Verse 3

আকাশৰ বুকুত গীত গাই, মধু-মল্লিকাই

পোহৰেও ডাৱৰত, নাচি-বাগি যায়

তৰালীৰ লগৰী, আমাৰ জোনবাই

ভাগৰত সিও আন্ধাৰৰ কোলাতে জিৰায়।


দুখোজতে ভাগৰি নাযাবি, মোৰ পুৰণি সখী

ঘূৰি আহ তই বাহলে, অ‘ মোৰ সপোন পক্ষী।


Verse 4

জীৱন নামৰ নদীখনত, মেলি দিছোঁ নাও

কোন দিশে যাব লাগে, বঠা মই কোন দিশে বাও

বতাহৰ ফাঁকেৰে মই দুৰণিলে চাওঁ 

সৰগৰ পাৰিজাত কিজানি মাতিতেই পাওঁ।


সৰগ বিচাৰি নাযাবি, মোৰ পুৰণি সখী

ঘূৰি আহ তই বাহলে, অ‘ মোৰ সপোন পক্ষী।

Comments