শিল্পকাৰ


✍️ অভিজিৎ বড়া


চিত্ৰকৰ তুমি,

তেজৰঙা দুহাতেৰে সূৰ্য্য আঁকি

দিয়া মোৰ দুচকুত অমৃত বাকী,

কেনভাচত কলংকৰ কলা ৰং ঢাকি

জ্বলাই দিয়া বতাহতেই শান্তিৰ চাকি।

কাগজতে ফাঁকু সানি

মৰ্ততে ৰামধেনু সজাৰ হাবিয়াস দূৰ্বাৰ 

চিত্ৰকৰ, তুমিয়েই মোৰ শিল্পকাৰ।


আছে এটি ভাস্কৰ্য শব্দৰে সঁজা

আৰু এটি কবিতা আছে মোৰ বুকুতেই গঁজা,

অসংযম দুহাতত বান্ধি ভাষাৰ এই গান

বুজাই দিবা প্ৰেমিকাৰ কি এই মান অভিমান।

শব্দতে ৰহণ সানি কলমেৰে ছবি আঁকে যি

কবি, শিল্পকাৰ সি।


দূৰণিৰ দুপৰীয়াত এটি গৰখীয়াৰ গীত

হৃদয় জুৰুৱা আচৰিত এই মধুৰ সংগীত,

কাঢ়ি নিব খোজে মোৰ পুৰণি ভাগৰ

সুৰতে বান্ধি থৈছে শান্তিৰ বিশাল এক সাগৰ।

হৃদয়ৰ খিৰিকীৰে শব্দকো চাইছা যে জুমি

সুৰকাৰ, শিল্পকাৰ তুমি।


জ্ঞানৰ টোপোলা যে বান্ধিছা দুপদ

গঢ়িছা তুমি এইয়া দেশৰ সম্পদ,

নিজে জ্বলি বিলাবা পৃথিৱীক পোহৰ

বিবেকৰ মৰুতো আনিবা জ্ঞানৰ লহৰ।

বিনাশিবা অজ্ঞানতাৰ এই অন্ধকাৰ

শিক্ষক তুমি, তুমিয়েই শিল্পকাৰ।।



Comments