অনুপ্ৰবেশকাৰী



অনুপ্ৰবেশকাৰী মই, এখন পৃথিৱী এৰি থৈ আহিছোঁ

তোমাৰ ওচৰত যিমান আছে, সিমান এৰি থৈ আহিছোঁ


তেওঁৰ চকুৱে আজিও কয় মোক বাৰে বাৰে 

মই কাজলৰ এটি জলপ্ৰপাত এৰি থৈ আহিছোঁ


ফলৰ বেপাৰীক সোঁৱৰাই দিব লগা হ'ল আজি 

যি বাগিচাৰ ফল এইটো, মই সেই বাগিচা এৰি থৈ আহিছো


নিজৰ ডেকা পুত্ৰক লগত লৈ আহিলো মই 

কিন্তু উমলি থকা ভতিজাক তাতেই এৰি থৈ আহিছোঁ


কোনোবাই ঠিকেই কৈছিল মোক

মই হেনো পিতল বুটলি লৈ সোণ এৰি থৈ আহিছো ।।

Comments