অপ্ৰকাশিত


সি বিচাৰিছিল

তাই নীৰৱতা খিনি শুনক,

তাইও বিচাৰিছিল

সি তাইৰ বুকুৰ ভাষা পঢ়ক।


সময় এজনৰো নাছিল

পঢ়িবলৈ, শুনিবলৈ, বুজিবলৈ।


কিন্তু

তেওঁলোকে আজিকালি লিখে

খুউব লিখে

অপ্ৰকাশিত কাহিনীৰ কবিতা ।

Comments