গ্রীষ্ম আৰু বর্ষাক সাৰথি কৰি ইটোৰ পাছত সিটোটক পাৰ হৈ যোৱা তিনিটা বসন্তকালৰ মূৰত আকৌ পাৰ হ'ল এটি উজাগৰী নিশা। আবতৰীয়া বৰষুণজাকৰ টোপালবোৰে জোৰেৰেই খুন্দিয়াইছেহি মোৰ হৃদয়ৰ দুৱাৰত। লগত মৃদুভাবে বলি থকা বতাহ জাকত ভাঁহি আহিছে তোমাৰেই সুৱাস। নিস্তব্ধ, নিষ্ঠুৰ সময়বোৰে আৰ্তনাদ কৰিছেহি কলিজাৰ নিভৃত কোণত। আকৌ মস্তিষ্কত সজীৱ হৈ উঠিছে তাহানিৰ দিনবোৰ । সেয়েই চাগে আজি মোক বৰকৈ আমনি কৰিছেহি তোমাৰ স্মৃতিয়ে।
তোমাক মৰমৰ বুলি কোৱাৰ অধিকাৰ মই কেতিয়াবাই হেৰুৱাইছো তথাপিও হৃদয়ৰ ভাণ্ডাৰত সঞ্চিত হৈ থকা মৰমৰ নিভাঁজ টোপোলাবোৰে তোমাক তেনেদৰে সম্বোধন কৰিবলৈ মোক সাহস যোগাইছে। কিন্তু সলনি হোৱা সময়ৰ লগত তোমাৰ বাবে সলনি হৈ গৈছে প্ৰেমৰ সংজ্ঞাও । তথাপিও সোঁৱৰাই দিব বিচাৰিছো অনাদৃত আৰু অৱহেলিত হৈ ডায়েৰীৰ পৃষ্ঠাতেই উৱলি যাব ধৰা মধুৰ সময়ৰ কাহিনীবোৰ।
তোমাৰ মনত আছেনে বাৰু? মো জীৱনলৈও যে বসন্তকাল আহিছিল, মনৰ আকাশত ৰঙা হৈ যে শিমলু - মদাৰ ফুলিছিল! তাৰেই কোলাত বহি কুলি কেতেকীয়ে বিহুনাম গাইছিল। বিহুগীতৰ তালে-তালে নাচি-বাগি তুমি আগবাঢ়িছিলা নদীৰ নিজান পাবলৈ। হাতত হাত থৈ খালী ভৰিৰেই, শব্দহীনভাৱে খোজকাঢ়িছিলো আমি দুয়োয়ে নদীৰ বালিচৰত। নদীৰ পাৰৰ বতাহজাকে অনব্যস্ত কৰি তোলা চুলিখিনিৰ ফাঁকেৰে জিলিকি উঠা তোমাৰ হাঁহিটো আৰু তোমাৰ লাজ-লাজ চাৱনিয়ে মোক ডুবাই ৰাখিছিল তোমাৰেই প্ৰেমত। তাৰ পাছত শৰৎকাল আহিছিল। শৰতৰ পুৱাত তেতিয়া মই শুভ্র শেৱালি বুটলিছিলো। কাৰণ তুমি শেৱালি ফুল ভাল পাইছিলা। শেৱালিক লৈ তুমি যে কবিতা লিখিছিলা আৰু মোকো তুমি আগ্রহী কৰি তুলিছিলা কবিতা লিখিবলৈ।
হয়তো কথাবোৰ তোমাৰ মনত নাই। সময়ৰ গৰাহত অতীতৰ বুকুত চাগে হেৰাই গৈছে 'জিৎ’ৰ নাম আৰু ঠিকনা। কিন্তু মই পাহৰা নাই। কাৰণ পদুলিমুখৰ সেউজীয়া পাতবোৰ ঢাকি ধৰা বগা ফুলবোৰে আজিও সুৱৰিছে আমাৰ প্ৰণয় জীৱনৰ দীঘলীয়া অধ্যায়। আজিও ফুলিছে শুভ্র শেৱালি, আজিও হাতত কলম তুলি লৈছো তোমাৰেই স্মৃতিত। কিন্তু শব্দৰ খলা-বমাত উজুতি খাই খহি গৈছে হাতৰ কলম, তুলি দিবলৈ তুমিও যে নাই মোৰ কাষত...।
সময় পালে ফুলবোৰ মৰহি যোৱাৰ আগতেই আমাৰ ঘৰলৈ এবাৰ আহিবাচোন। শিকাই দিবাহি কেনেকৈনো পাহৰিব পাৰি বুকুৰ আপোনজনক। কাৰণ মই আজিও পাহৰিব পৰা নাই তোমাক আৰু তোমাৰ সেই কবিতাফাঁকি -"তুমি ঢালি দিয়া প্ৰেমৰ মদিৰাৰ, আজিও মই নিচাসক্ত প্রেমিক...”।
ইতি
তোমাৰ জিৎ

Comments