নদী আৰু পানী

 


নদীত নদীৰ একো নাই

যি আছে সকলো পানীৰ...

যিদৰে কিতাপত কিতাপৰ একোৱেই নাই

কিছু বৰ্ণৰ, কিছু শব্দৰ, কিছু ধ্বনিৰ

আৰু কিছু লেখকৰ ।


জুহালত জুহালৰ একো নাই

যি আছে অলপ খৰি আৰু অলপ জুইৰ

ধোৱা আৰু ছাঁই জুহালৰ নিজৰ নহয়।

চাকিগছৰো নিজৰ একো নাই

যি আছে সকলো শলিতা আৰু তেলৰ।


নদীৰ নিজৰ একোৱেই নাই

নদীও কাৰো নহয়

নদী কলৈকো নাযাই

পৃথিৱীৰ লগতেই সদায় পানীৰ গীত গাই।

নদীনো কি, পানীৰ কাহিনী মাথোঁ

সাগৰৰ পৰা শুনি ডাৱৰক শুনাই ।

Comments