বেবেৰিবাং (প্ৰলাপ ২)





নীলা ৰং ভালপাওঁ বাবেই আকাশ মোৰ প্ৰিয়। সেয়েহে বাৰে বাৰে আকাশৰ প্ৰেমত পৰো, সপোনবোৰেও চুই চাব খোজে ডাৱৰবোৰ। কিন্তু আকাশ যে মোৰ পৰা বহুত দূৰত...।

সিদিনা দেখিলো সমূদ্ৰও নীলা, চুই চালোঁ তাক। শীতল, মোৰ অশান্ত চঞ্চল মনটো গোট মাৰি বৰফ কৰিব পৰাকৈ শীতল। মই কব নোৱাৰাকৈয়ে সমুদ্ৰৰ প্ৰেমত পৰিলোঁ।

চিতাৰ ধোঁৱা হৈ উৰি নাযাওঁ আৰু আকাশক লগ কৰিবলৈ। অস্তি হৈ উটি যাম নৈয়ে নৈয়ে, বিলীন হৈ যাম সাগৰৰ নীলাবোৰৰ মাজত।

✍ অভিজিৎ

Comments