ভাল লাগে মোৰ দূৰৰ সেই আকাশলঙ্ঘী অট্টালিকাবোৰ। কেতিয়াবা মোৰ ভগা পঁজাৰ বেৰৰ জলঙাৰে একেথৰে চাঁও। খিৰিকিবোৰ বন্ধ, মোৰ পঁজাত সোমোৱাৰ দৰে অনুমতি বিহীনভাৱে ৰ’দৰ পোহৰ তাত নোসোমাই। ৰং-বিৰঙী কৃত্ৰিম পোহৰেৰেহে সিঁহতে পোহৰাব খোজে পৃথিৱীখন...।
হঠাৎ অট্টালিকাবোৰ খহিব ধৰিছে। অন্ধকাৰৰ ৰঙে কৃত্ৰিম পোহৰক লাহে লাহে গ্ৰাস কৰিছে। বন্ধ খিৰিকি ভাঙি আভিজাত্যৰ কোলাহল মোৰ কাণত পৰিছে। ঠিকেই, আজি সিঁহতি সব মৰিব। আৰু তাৰ পাছত মোৰ দৰে ভগা পঁজাত থকা মানুহবোৰেৰে মই এখন নতুন পৃথিৱী সাজিম...।
Comments