✍️ অভিজিত
শুকান গছত কোনে সানে ফাগুনৰে ৰং
কোনে আহি সাজিছেহি উকা হিয়াত প্ৰেমৰে দলং..
সৰিছে চোন বসন্ততে শৰতৰ বকুল
কিহৰে আবেগতে আজি মন মোৰ ব্যাকুল।
উৰিছে চুলিতাৰী বতাহৰ ভাজত
নাচিছে মনে মোৰো একেটি ঠাঁচত
সিঁচি যাই ৰঙা ৰং বুকুৰে মাজত
ভাগিছে কলিজাৰ কঁহুৱা তোৰ নাচোনৰ খোজত।
বাজিবনে তোৰ হীয়াত মোৰ প্ৰেমৰ বীণ
আহিবনে তয়ে ময়ে এক হোৱাৰ দিন
যৌৱনৰ বা লাগি মোৰ মন কপিছে
তোৰ প্ৰেমৰ বীণ আজি মোৰ বুকুত বাজিছে।
প্ৰেমৰ সেই বৰগছ বুকুতেই শিপাল
খৰাং বতৰতো হৃদয় মোৰ হৈছে জীপাল
শাওনতে সৰিছে দুচকুৰে বাৰিষাৰ টোপাল
কলিজাৰ ৰঙা গোলাপ দুদিনতেই শুকাল।
নাসানিবি আৰু ধুষৰ ৰং ফাগুনৰ
নাসাজিবি মিছা বালিঘৰ দুদিনীয়া প্ৰেমৰ।

Comments