✍️ অভিজিত বৰা
জীৱন জ্যামিতিৰ অদ্ভূত অংকন
আগবাঢ়ো অসীমৰ দিশত
যোগ কৰোঁ সপোন, বিয়োগত পাকৈত মই
অৱশেষ কিন্তু শূণ্যত।
নিশিকো হেঁপাহৰ পূৰণ
হৰণ কৰি ভনীৰ সৈতে ভগাই লওঁ
উপহাৰত পোৱা মৰমৰ পুতলা ।
কৈশোৰৰ দুৱাৰডলিত ৰৈ এটা বিত্ত আঁকো
বিন্দুৰ সমষ্টি এই বক্ৰৰেখাৰ মেৰপেচত
আবদ্ধ মোৰ আশাৰ গণিত
বিত্তৰ সীমিত কালিৰ ভিতৰত
কিন্তু হাবিয়াসৰ সমান্তৰাল ৰেখাই
কটাকটি কৰে অসীমত ।
যৌৱনৰ পদুলিত এইয়া প্ৰেমৰ সংহতি
ফলন নোহোৱাকৈ পৰি ৰওঁ ভগ্নাষৰ লগত।
পৰিমেয় হৈ থিয় দিলোঁ অপৰিমেয়ৰ কাষত
মই পৰিক্ষেত্ৰত, পৰিসৰত তাই
হৃদয়ৰ পৰা হৃদয়লৈ লেখ অঁকাৰ সপোন
কিন্তু প্ৰেমৰ সংহতিৰ প্রতিচ্ছেদন আজিও শূন্য।
প্ৰাপ্তবয়স্কৰ পথাৰত সিছোঁ প্ৰতিষ্ঠাৰ বীজ
বীজগণিতৰ শূন্য লৈ বিচৰণ অজ্ঞতাৰ নাঁৱত
জীৱিকা হেনো সম্ভাৱিতাৰ খেলা।
ধ্ৰুবক নহয়টো জীৱন
চলকৰ অবকলজ জানো শূন্য হ'ব পাৰে।
বৃদ্ধৱস্থাত স্মৃতিৰ অট্টালিকাত বহি
মোৰ পোৱা নোপোৱাৰ হিচাপ নিকাচ
জীৱনৰ যোগ বিয়োগ।
বহুত অৰ্জিলো
তথাপিও জ্বলি উঠে চিতাখন
বুকুৰ মৰিশালিৰ চুকত শূন্যলৈ
উৰিব খোজে জীৱনৰ ছন্দবিহীন ধোঁৱা।
( 22 ডিচেম্বৰ, 2018 ত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে লিখা )

Comments