এজাক বেনামী বৰষুণ (কবিতা)

✍️অভিজিৎ বড়া


বহুদিনৰ অপেক্ষাত আছিলোঁ

এজাক সঁচা বৰষুণৰ

মনৰ ফুলনিত মৰহিব ধৰা

ফুলবোৰ সজীৱ কৰিবলৈ।


আজি আহিছিল

মুখলধাৰে এজাক বেনামী বৰষুণ।

হেপাঁহ পলুৱাই তিতিবলৈ মন গৈছিল

প্ৰেমৰ এই দ্বিতীয়জাক বৰষুণত,

কিজানি ধুৱাই লৈ যায়

প্ৰথমজাকে দি যোৱা মিছা হাঁহিৰ নিখুঁত অভিনয়।


প্রথমবাৰ যে তিতিছিলোঁ

জ্বৰ আজিও বুকুতেই আছে ;

নালাগে আৰু মোক বৰষুণ

তাতকৈ বতাহেই ভাল

কেতিয়াবা দূৰেৰে সুহুৰিয়াই

কেতিয়াবা শুনাই যায় নৈশব্দতাৰ কঠুৱা গান।।

Comments