অসীমৰ সিপাৰে (কবিতা)

✍️ অভিজিত বৰা



অপ্ৰত্যাশিত অনুভূতিৰ উজুতি খালো

আচহুৱা প্ৰেমৰ গোন্ধত

শব্দহীনতাত শুনিলো অদ্ভূত কোলাহল

মৰু হেন বক্ষত প্ৰেমৰ উন্মাদ দাৱানল ।


মৰতত ফুলিছে কিয় ফুল সৰগৰ

পূজাৰ পুষ্প অকালতে পৰিল নেকি সৰি?

বুকুতে আহি সানিছেহি ৰং ৰঙা গোলাপৰ

কলিজা চিৰাচিৰ কৰি ।

হৃদয়ৰ নিজৰাটো শিলৰ কাকুতি

তুমিয়েই আহিছা নেকি সেই নিজান বাটেৰে ?



সেউজ যৌৱনৰ নীল স্বপ্নক

বান্ধিছা দেখোন ফাগুনৰ সোণালী কাৰেঙত

সোঁতত বিপৰীতে গৈছা নেকি

বালিচৰত মৰীচিকা খেদাৰ প্ৰবল আৱেগত ;

অসীমৰ সিপাৰেনো কিহৰ অপেক্ষা

স্থিতপ্ৰজ্ঞ তুমি মোৰ কল্পনাৰ আলিবাটত ।



তুমিয়েইটো  কৈছিলা

অমাবস্যাৰ কালিকা মোহাৰি

আমি জোনৰ প্ৰতিচ্ছবি আকিম শিলোৱা ঘাটত ;

নাই নালাগে বগাব তুমি শব্দৰ পাহাৰ

গৈ আছোঁ ময়েই, লগ হ'ম অসীমৰ সিপাৰত।






Comments