আমাৰ গাঁৱলৈ নাহিবা তুমি (কবিতা)

✍অভিজিৎ বড়া


আমাৰ গাঁৱলৈ নাহিবা তুমি
এতিয়া আমাৰ গাঁৱত বানপানী
নিদ্ৰাহীন অনাহাৰী ৰাতি
পানীত ডুবি ককবকাইছে কঠিয়াতলিৰ পথাৰখনে
সোঁতত নাচি থকা ভূঁইবোৰ চাবলৈ
আমাৰ গাঁৱলৈ নাহিবা তুমি।

ঘৰ দুৱাৰ বানত ডুবিল
হেঁপাহৰ ঘৰ এৰি সিহঁত মঠাউৰিলৈ দৌৰিছে
গৰু-ছাগলীৰ সৈতে তাতেই একেলগে শুইছে,
খাদ্যৰ নামত বায়ু আৰু বানৰ পানীকেই খাইছে।
শুনিছোঁ , আজি হেনো চৰকাৰী ৰিলিফ আহিছে
সভাপতিৰ পুতেকে তাৰে কমিছন কাটিছে
দুহাত মেলি বছৰটো দান কৰা মানুহবোৰে
এপোৱা চাউলৰ কাৰণে খোৱা-কামোৰা কৰিছে;
দুৰ্ভিক্ষৰ দিনৰ এই টনা-আঁজোৰা চাবলৈ
এতিয়া আমাৰ গাঁৱলৈ নাহিবা তুমি।

ধনৰাম কাইৰ একমাত্ৰ সম্পত্তি বলধহাল ঢুকাল
মৰাশ দুটা চকুলোৰ বানতেই উটুৱাই দিছে
লগতে উটুৱাই দিছে খেতিৰ আশা;
মৃত বৃদ্ধজনৰ চিতা আজি নজ্বলে
আত্মীয়ৰ বুকুত জ্বলা চিতাও নুমাব ধৰিছে
মৰাশ'ৰূপী জীৱন্ত এই মানুহবোৰ চাবলৈ
এতিয়া আমাৰ গাঁৱলৈ নাহিবা তুমি।

আজি বোলে MLA আহিব
হেলিকপ্টাৰেৰে...
অৱস্থা আৰু পৰিস্থিতিৰ বুজ ল'ব।
দেখিবনে বাৰু তেওঁ আকাশৰ পৰা
পানীত উটি ভাঁহি ফুৰা সপোনবোৰ
চকুতেই কৰাল মৰা টোপনিবোৰ
বুকুৰ মাজত জ্বলা চিতাখন
আৰু ধনৰাম কাইৰ চকুলোবোৰ...।
দুৰৱস্থাৰ দিনত ৰাজনীতিৰ এই নাটক চাবলৈ
আমাৰ গাঁৱলৈ নাহিবা তুমি
কাৰণ আমাৰ গাঁৱত এতিয়া বানপানী।




Comments