পোহৰৰ সন্ধানত (কবিতা)

✍️ অভিজিৎ বড়া
 

 

বন্ধু , এতিয়া বাৰু কিমান ৰাতি
আমনি লাগিছে বিনিদ্ৰ ৰজনী কাতি
তুমি যে কৈছিলা
নতুন প্ৰভাত আহিব বুলি
সেই পুৱালৈ আৰু কিমান বাকী ?


চোৱাচোন বন্ধু ,
দূৰণিত নহয়নে সৌৱা সন্ত্ৰাসৰ বিজুলী
অন্ধকাৰছন্ন আমাৱশ্যাৰ নিশাটো
চিনাকি মানুহৰ অচিনাকি কিৰিলি,
তৰাহীন আকাশৰ শূন্যতাটো জিলিকে
পপীয়া তৰাৰ নিৰ্লজ্জ কাহিনী ।
কিয় বাৰু আজি
কুঁৱলীৰ আৱৰণ ভেদি
বাৰে বাৰে প্ৰতিধ্বনিত অৱলাৰ কৰুণ বিননি
স্তব্ধ সময়েও বাৰু উপভোগ কৰিছে নেকি
কণমানিৰ হৃদয়ৰ উচুপনি ?


তথাপিও দেখোঁ মই আশাৰ ৰেঙণি
আহ তই আবদ্ধ সজাৰ বন্ধ দুৱাৰ ভাঙি
নাইবা বেৰৰ জলঙাৰে সোমাই আহ ৰ'দালি
তই অহা বাটেৰেই উৰি যাম মই দূৰ দিগন্তলৈ
পোহৰৰ নতুন ঠিকনা বিচাৰি ।


Comments