Skip to main content
এটি কবিতাৰ অপেক্ষাত (কবিতা)
✍️ অভিজিৎ বড়া
কবিতা, তুমি আহিছিলা
নিজান নিশাৰ দোভাগ ৰাতিত
শীতৰ নিয়ৰসিক্ত দূৱৰী গচকি
আহিছিলা এটি মিঠা সপোন হৈ
মোৰ জীৱনৰ অমাৱশ্যাত
আশাৰ এগছি বন্তি জ্বলাবলৈ।
আহিছিলা প্ৰভাতী বেলাত
বৰ্ষাৰ বৰষুণজাক হৈ
মোৰ হৃদয় জীপাল কৰিবলৈ
হাতত ৰঙা গোলাপপাহি লৈ
মোৰ মনত প্ৰেমৰ জোঁৱাৰ তুলিবলৈ।
জেঠৰ প্ৰখৰ ৰদত ক্লান্ত হৈ
তুমি আহিছিলা ভৰ দুপৰীয়া
গৰখীয়াৰ মুখৰ গীত এটি লৈ
মোৰ কলিজাৰ ঔৰষত
এটি কবিতাৰ জন্ম দিবলৈ।
কিন্তু তুমিতো নাই মোৰ কাষত
হয়তো শব্দৰ খলা-বমাত উজুটি খাই
পৰি ৰৈছা জাবৰৰ দমত
এটুকুৰা পেলনীয়া কাগজ হৈ।
কবিতা , আকৌ আহিবা তুমি
সুগন্ধি শেৱালি সৰা শৰতৰ সন্ধ্যাত
কলিজাৰ চিয়াঁহীৰে ৰঙীন কৰিবাহি
মোৰ জীৱনৰ উকা পৃষ্ঠা
আশাৰে বাট চাম তোমালৈ
তুমি এটা নতুন কবিতা লিখালৈ।
Comments