চিত্ৰলেখা (কবিতা)

✍️ অভিজিৎ বড়া



মই চিত্ৰকৰ
ছবি আঁকো মই
চিৰ উপেক্ষিতা নিৰ্যাতিতা নাৰীৰ
ধৰ্ষিত মৃতপ্ৰায় ভগ্নীৰ ,
তাই প্ৰাণ পাই  উঠে মোৰ কেনভাছত
প্ৰাণ পাই মোৰ হাতৰ (ৰঙৰ) পৰশত ।


ছবি আঁকিছো শাৰীৰিক অক্ষমতাৰ
সবল মানসিকতাৰ
আৰু সীমান্তৰ নিৰ্ভীক দুৰ্জেয়  সৈনিকৰ
হঠাৎ সি বাগৰি পৰিল শত্ৰুৰ আঘাতত
কিন্তু থিয় দিছেহি মোৰ কেনভাছত ;
ছবিত জিলিকিছে ভীক্ষাৰ দুহাত
সন্মুখত এক বিশাল ৰাজপ্ৰসাদ
থৰক-বৰককৈ আগবাঢ়িছে সি ৰাজপ্ৰসাদৰ ফালে
পেটৰ ক্ষুধা নিবাৰণৰ আশাত
প্ৰাণ পাই উঠিছে ভীক্ষাৰীৰ কংকাল শৰীৰে
মোৰ হাতৰ পৰশত ।

আজি মই ছবি আঁকিছোঁ নিজৰ
নিস্ব: ক্লান্ত শৰীৰৰ, ভগ্ন হৃদয়ৰ ।
নিস্তেজ নিৰস ছবি
চকুৰ লোটক পৰি বিয়পি গৈছে ৰংবোৰ
ধূসৰ হৈ পৰিছে জীৱন নামৰ ছবিখন।

ক'ত তুমি চিত্ৰলেখা
তুমিয়েইটো এদিন আঁকিছিলা
মোৰ ছবি সংগোপনে
তোমাৰ হৃদয়ৰ দেৱালত ;
অৰ্ধাংকিত হৈয়ে আছে ছবিখন 
আকৌ আহি আঁকি দিবা মোক
তুলি দিবা কেনভাছত
কলিজাত বোলাই দিবা  সেন্দুৰীয়া ৰং ;
আৰু দিবাচোন তোমাৰ নতুন ঠিকনা
চিত্ৰলেখাৰ হাতৰ পৰশেৰেই গঢ়িব খুজিছোঁ
বাণৰ নগৰীত অনিৰুদ্ধৰ অট্টালিকা ।


Comments